From Bitu Goswami

চাৰিওদিশে সেউজীয়া ।মাথোঁ শাৰী শাৰী চাহ গছ ।যি ফালেই চাওঁ সেই ফালৰ পৰাই ইদালৰ পিছত সিদাল পোনকৈ চাহ গছৰ মাজে মাজে চিৰিশগছ দেখা পোৱা যায় ।ধূলি ধোঁৱা বিহীন প্ৰদূষণমুক্ত বিশুদ্ধ বায়ুৰ মাজত এটি বাংলো ।নমস্কাৰেৰে সম্ভাষণ জনাই চকীদাৰে ভিতৰলৈ আগবঢ়াই নিয়াৰ পিছত ভিতৰৰ পৰা এমুকুৰা হাঁহি লৈ আগবাঢ়ি আহিছিল দীপাবা অৰ্থাত্ দীপশিখা শৰ্মা আৰু লগে লগে মৃদুলদা তাৰ পিছত বাবুলদা আৰু ব্ন্ধু বিতু ।সকলোৰে মূখত মাথোঁ ........... ....

From Chandan Das

.......

From Indreswari Tanti

From Bitu Goswami

চাৰিওদিশে সেউজীয়া ।মাথোঁ শাৰী শাৰী চাহ গছ ।যি ফালেই চাওঁ সেই ফালৰ পৰাই ইদালৰ পিছত সিদাল পোনকৈ চাহ গছৰ মাজে মাজে চিৰিশগছ দেখা পোৱা যায় ।ধূলি ধোঁৱা বিহীন প্ৰদূষণমুক্ত বিশুদ্ধ বায়ুৰ মাজত এটি বাংলো ।নমস্কাৰেৰে সম্ভাষণ জনাই চকীদাৰে ভিতৰলৈ আগবঢ়াই নিয়াৰ পিছত ভিতৰৰ পৰা এমুকুৰা হাঁহি লৈ আগবাঢ়ি আহিছিল দীপাবা অৰ্থাত্ দীপশিখা শৰ্মা আৰু লগে লগে মৃদুলদা তাৰ পিছত বাবুলদা আৰু ব্ন্ধু বিতু ।সকলোৰে মূখত মাথোঁ হাঁহি ।

মৃদুলদা কৰ্ম সূত্ৰে মাকুম আৰু ডুমডুমাৰ মাজখণ্ডত অৱস্থিত দৈদাম চাহবাগিছাত আছিল আৰু লগত দীপাবাও আছিল, বাবুলদা আৰু বিতু আছিল দুলিয়াজান অয়লইন্ডিয়াৰ আবাসগৃহত ।বৰ্তমান বাবুলদা ভাৰতৰ বাহিৰত আৰু, বিতু আৰু মৃদুলদা গুৱাহাটীত ।শণি আৰু দেওঁবাৰে প্ৰায়েই সকলোবোৰ লগ হৈছিল দৈদাম চাহবাগিছাৰ বাংলোটোত, মোৰো সৌভাগ্য হৈছিল প্ৰায়েই এই ঘৰটোত উপস্থিত হোৱাৰ ।কাৰণ মোৰ পিতৃয়েও ওচৰৰে এখন চাহ বাগিছাত কাম কৰিছিল ।পেডেল মাৰি মাৰি চাইকেল চলাই যোৱাৰ খুউব অভ্যাস আছিল তেতিয়া । মোৰ হাঁহিবৰ মন গলেই দৈদামলৈ গুছি গৈছিলো কাৰণ লাফিং ক্লাবলৈ যোৱাৰ প্ৰয়োজনেই নাথাকে যদিহে দৈদামলৈ যোৱা যায় ।সকলোৰে মূখত মাথোঁ হাঁহি আৰু হাঁহি, ফুৰ্তি আৰু তামাচা ।

দীপাবা মোৰ অতি ঘনিষ্ঠ আছিল । কাৰণ আমি দুয়ো উজনি অসমৰ বহু ঠাইত গীতৰ অনুষ্ঠানত ভাগ লৈছিলোঁ । দীপাবা আছিল ডিব্ৰুগড় অঁনাতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী ।মোৰ অৱশ্যে অঁনাতাৰ কেন্দ্ৰত স্বীকৃতি লাভৰ বাবে কোনো চেষ্টাই লোৱা নহল ।মাথোঁ ভাতখাণ্ডেৰ পৰা বিশাৰদ লাভ কৰাই একমাত্ৰ ডিগ্ৰী আছিল ।গীত ভাল পাওঁ, একপ্ৰকাৰৰ গীতৰ বলিয়া আছিলোঁ ।সৰুৰে পৰা ঘৰ খনত এটা সাংস্কৃতিক পৰিবেশ পাইছিলো ।অসম সাহিত্য সভাৰ প্ৰায় সকল সেইসময়ৰ সন্মানীয় সভাপতি, ড: ভূপেন হাজৰিকা, অভিনেতা প্ৰাণ্জল শইকীয়া প্ৰমূখ্যে গণ্যমান্য ব্যক্তিসকলৰো আমাৰ চাহবাগিছাৰ ঘৰলৈ আগমন ঘটিছিল ।যতে ততে গীত গাই ফুৰাৰ কথা কেনেবাকৈ দীপাবা আৰু মৃদুলদাই গম পাইছিল আৰু এদিন আমাৰ চাহবাগিছাৰ ঘৰলৈ আগমন ঘটিছিল । সেয়াই আৰম্ভনি, তাৰ পিছত দীপাবা আৰু মই বহু বছৰ ধৰি বিভিন্ন অনুষ্ঠানত একেলগে গীত গাইছিলোঁ ।তাৰোপৰি দীপাবাহঁতৰ ঘৰুৱা অনুষ্ঠান বোৰত মোৰ উপস্থিতি নিয়মিয়া আছিল,আমি একেলগে জলচাত বহিছিলো ।দীপাবা আৰু মই গীত গালে মৃদুলদা, বাবুলদা আৰু বিতু প্ৰত্যেকেই বাদ্যযন্ত্ৰত সংগত কৰিছিল ।মুঠতে সম্পূৰ্ণ সংস্কৃতিবান তথা সংগীতমূখৰ পৰিবেশেৰে আবৃত এখন ঘৰ ।

মই জীৱনত বহু মানুহ লগ পাইছো আৰু বহুতক হয়তো পাহৰি পেলাইছো আৰু মোকো হয়তো বহুতে ইতিমধ্যে পাহৰি পেলাইছে ।মই ৯৪ চনত স্থায়ীভাবে গুৱাহাটীলৈ আহিলোঁ যদিও দীপাবাহঁতৰ লগত মোৰ যোগাযোগ চলি আছিল ।ইমান খোলা অন্তৰ, ইমান আন্তৰিকতা । তিলমানো অহংকাৰ নাছিল দীপাবাহঁতৰ ।বিশেষকৈ দীপশিখা বাইদেউ আছিল মানুহৰ অন্তৰ চুই যাব পৰা এক অনন্য ব্যক্তিত্বৰ এগৰাকী ব্যক্তি ।দহ-বাৰজন ঘৰুৱা কৰ্মচাৰীয়ে আবৰি ৰাখে চাহবাগিছাৰ ডাক্তৰৰ ( মৃদুলদা )ঘৰ তথাপিও কিন্ত্ত চাহকাপ মোক মৃদুলদা নহলে দীপাবাই নিজে কৰি মোক দিছিল, পাকঘৰত নিজে ৰন্ধাত লাগিছিল মই সেই ঘৰখন নিজৰ ঘৰ বুলি ভাবিবলৈ বাধ্য হৈছিলো ।সকলো ঘৰুৱা কামকাজ নিজে কৰা দীপাবাই সংগীতৰ চৰ্চাত তিলমানো হেলা কৰা নাছিল ।কঠোৰ পৰিশ্ৰম কৰিব পৰা দীপাবাই সুদুৰ তিনিচুকীয়ালৈ সপ্তাহত তিনি চাৰিদিন বাচেৰে অহাযোৱা কৰি শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল সম্পূৰ্ণ আঠটা বছৰ ।কাৰণ তেতিয়া আজিৰ দৰে গাড়ীমটৰৰ সুবিধাও নাছিল । আঁশী নব্বৈ দশকত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ এখন বা দুখনহে চুপাৰ বাছ চলিছিল ।দুদিন লাগিছিল তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ।এনেদৰে দীপাবাই সংগীতৰ সাধনা চলাই গৈছিল আৰু যথেষ্ট সফলতাও লাভ কৰিছিল ।অৱশ্যে মৃদুলদাহঁতৰ যথেষ্ট অৰিহনা আছে বুলি মই ভাবো কাৰণ ভাই-ককাই-ভনীৰ ইমান মিল, ইমান বুজাবুজি মই কতো দেখা নাই ।

দীপাবাৰ লগত মোৰ বহু স্মৰণীয় মূহূৰ্ত আছে,কৈ শেষ কৰিব নোৱাৰি ।এবাৰ আমি মৰাণ অইল ইন্ডিয়াৰ বিহুত গীত পৰিবেশনৰ বাবে গৈছিলো ।সেইবাৰ মই মণ্ছৰ পৰা আঁতৰি গৈ মৃদুলদাৰ গা়ড়ীত আত্মগোপন কৰিবলগীয়া অৱস্থা কাৰণ ৰাইজক আৰু বিহুগীত লাগে ।দীপাবাই কিন্ত্ত সেইবাৰ যিমানবোৰ অতিপুৰণি বিহু গাই ৰাইজক আনন্দ দিলে এতিয়া ভাবিলে আচৰিত লাগে-দীপাবাই এইবোৰ ক"ত শিকিলে, কেতিয়া সংগ্ৰহ কৰিলে ! এনেকুৱা স্মৰণীয় ঘটনা আৰু বহুত আছে যত দীপাবাই আছিল আমাৰ শেষ ভৰষা ।

দৈদামত শণি আৰু দেওঁবাৰে গীতৰ জলছা ৰাতিপুৱালৈকে চলাৰো বহু ঘটনা আছে শেহৰাতি কোনোবা কাৰ্পেটত, কোনোবা আকৌ চোফাতে শুই পৰিছিলো ।চকু মেলি দেখোঁ মুখত সেই চিৰাচৰিত হাঁহিৰে হাতত চাহ বিস্কুট লৈ দীপাবা ৰেডি ।এক নিৰ্ভেজাল অন্তৰৰ গৰাকী নহলে এনে ব্যৱহাৰ আশা কৰিব নোৱাৰি । যিদিনা শুনিলোঁ দীপাবা আৰু নাই, মই হতভম্ভ হৈ পৰিলো ।ই কেনেকৈ সম্ভৱ ,ইমান কম বয়সত দীপাবাৰ কিয় মৃত্যু হল ।কিন্ত্ত ভগৱানৰ বিচাৰত আমি মাত মাতিম কেনেকৈ ।

" Man is mortal But Soul is immortal " আত্মা অমৰ । দীপাবাৰ আত্মা এতিয়াও আমাৰ কাষতে বিচৰণ কৰি আছে ।দীপাবাৰ হেপাহৰ গীতৰ সুৰবোৰ,আনআন সৃষ্টি বোৰ জীয়াই আছে আৰু আমিবোৰে জীয়াই ৰাখিবই লাগিব ।আমি আৰু বহু পাবলৈ থাকি গল ।মোৰ মা, মোৰ বৰদেউতা ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মোৰ অতি ঘনিষ্ঠ গীতিকাৰ-সুৰকাৰ প্ৰণবিৰাম বৰুৱাৰ মৃত্যুৰ পিছত দীপশিখা বাইদেউৰ কথা মোৰ মানস পটত সদায় সাঁচ বহুৱাই ৰাখিব ।কেতিয়াও পাহৰিব নোৱাৰিম । দীপশিখা বাইদেউৰ আত্মাই চিৰ শান্তি লাভ কৰক ,দীপশিখাবাৰ সুৰবোৰে আমাক চিৰকাল প্ৰেৰণা দিয়ক ।