Poems written by Dipshikha

দীপশিখাৰ কবিতা ( কণমানি হঁতৰ বাবে )


কেনি যোৱা ডাক্তৰ পালা জানো ভাৰাঘৰ ?

মোৰ এটা ঘৰ আছে ছশটকা ভাৰা পিছে

ঘৰটো লব পাৰা থাকি কিন্ত ভাল পাবা ।

বূঢীৰ কথা মতে ডাক্তৰে ঘৰ ললে

লাইটপানীৰ সুবিধাৰে ঘৰটো ভালেই পালে ।

আইতাৰ জ্বৰ হলে ডাক্তৰে দৰৱ দিয়ে

দুপালি মান খালেই দেখোন আইতাৰ জ্বৰ এৰে ।

পিছে এদিন দুদিনকৈ এমাহেই গল

আইতাইচোন ডাক্তৰক লগ নোপোৱাই হল

এদিন আইতাই বজাৰৰ মাজতে

ডাক্তৰক লগ পাই কলে

হেৰা বোপাই, খাবলৈ মন নেযায়

গাটোওচোন বিষায়

কি হৈছে কোৱা বোপা

মূৰটোওচোন ঘুৰাই ।।

(ডাক্তৰে ভাবে)মোৰ আৰু শান্তি নাই

গুছি যাম আজিয়েই বেলেগ এটা ঘৰ চাই

ইস্ ইস্ আইতা কি হল চাওঁ

জিভাখন মেলক, চকু দূটা মুদক

কিছু সময় এনেদৰে মনে মনে থাকক ।।

বহু সময় পাৰ হল আইতাৰো সন্দেহ হল

চকু দুটা মেলি দেখে কোনো নাই তাত

ডাক্তৰবোপা কেতিয়াবাই

পলাই মাৰিলে ফাট্ ।।
laughter

three

Kakuti- A poem published in "Puja",
Souvenier of B-Type Durga Puja Somiti,Duliajan 2002"

Jyoti Torpon
This Poem broadcasted in All India Radio(Dib.)
and recorded in Album Bakhrua Thuria
Here is a part of the poem.

three